অসমৰ মূখ্যমন্ত্ৰীৰ গাদী শেষ, বিজেপিক বিদায় দি অসমত ন্যায় প্ৰতিষ্ঠা কৰা হব- জলেশ্বৰৰ নিৰ্বাচনী সভাত বদৰুদ্দিন আজমল
ডিজিটেল পেজঃ অসমৰ মূখ্যমন্ত্ৰী সোণোৱালৰ গাদী শেষ। এইবাৰ বিজেপিক বিদায় দি অসমত ন্যায় প্ৰতিষ্ঠা কৰা হব। জলেশ্বৰ সমষ্টিৰ গৌৰনগত আজি এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডাঃ ৰেজা আমিনৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এইদৰে কয় এ আই ইউ ডি এফ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলে।
ভাষণ প্ৰসংগত সাংসদ আজমলে কয় যে মুখ্যমন্ত্ৰীৰ গাদী শেষ। বিজেপি দলক বিদায় দি অসমত এইবাৰ শান্তি আৰু ন্যায় প্ৰতিষ্ঠা কৰা হব। মহাজোঁটৰ চৰকাৰ হলে প্ৰত্যেক গৰাকী মহিলাৰ একাউন্ট লৈ মাহিলী দুই হাজাৰকৈ টকা আৰু চাহ বাগিছাৰ শ্ৰমিকক ৩৬৫ টকাকৈ হাজিৰা প্ৰদান কৰা হব বুলি কয়।
নিবনুৱাৰ সংস্থাপনৰ বাবে ৫ লাখ চৰকাৰী চাকৰি আৰু ২৫ লাখ বেচৰকাৰী চাকৰি দিয়া হব বুলিও আজমলে লগতে কয়। অসমৰ সন্মানীয় গামোচা দলিওৱা সংক্ৰান্তত তেও কয় যে সেইদিনা বতৰ বেয়া আছিল আৰু সময় তাকৰ আছিল। সেই বাবেই সম্বৰ্ধনা বাতিল কৰাৰ কথা কৈছিলো। তথাপিও সম্বৰ্ধনা কৰিবলৈ অহাত মই গামোছা টো মোৰ কৰ্মীৰ গালৈ দলিয়াই দিছিলো তাৰ বাবে মই দূখিত।
আজমলে লগতে হিন্দীত কয় যে অসমীয়া গামোছা মেৰা জান, মেৰা শ্বান, মেৰা দিল আওৰ মেৰা ইমান। অসমীয়া গামোছা আমেৰিকা, ইউৰোপ, আৰব যতে নাযাও কিয় এই গামোছা মই সদায়েই সন্মান জনাই ডিঙিত মেৰিয়াই লওঁ। এই ক্ষেত্ৰত মোক সমালোচনা কৰাৰ অধিকাৰ কাৰো নাই।
কেইবাবাৰো সাংসদ হিচাপে নিৰ্বাচিত হোৱা বদৰুদ্দিন আজমলে খৰমুজাৰ পৰা ফকিৰগন্জ লৈ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ কাম কিয় কৰা নাই বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত একো কব নোৱাৰি ধুবুৰী -ফুলবাৰীত নিৰ্মাণ হব লগীয়া দলঙৰ শকত খুটা বোৰেই গৰাখহনীয়াৰ প্ৰতিৰোধৰ কাম কৰিব বুলি এক উদ্ভট মন্তব্য আগবঢ়ায়।
সভাত লগতে জলেশ্বৰ সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী ডাঃ ৰেজা মহম্মদ আব্দুল্লাহ আমিন ( ডাঃ ৰেজা আমিন), বিধায়ক সাহাবুদ্দিন আহমেদ, প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম আজমল, জিলা সভাপতি ছফিয়ৰ ৰহমান প্ৰমূখ্যে এ আই ইউ ডি এফ দলৰ নেতা কৰ্মী সকলে ভাষণ আগবঢ়ায়।
0 Comments