লক্ষীপুৰত বন্যহস্তীৰ জাকে ভাগিলে হাই ভল্টেজ বিদ্যুতবাহী টাৱাৰ

হাতীৰ জাকটোৱে তহিলং কৰিলে বৰোধান ধানৰ খেতি পথাৰ: ত্ৰাসিত অঞ্চলবাসী ৰাইজ

মতিউৰ ৰহমান, লক্ষীপুৰঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বন বিষয়াৰ অন্তৰ্গত ধামৰ-বোৱালমাৰীত যোৱা নিঁশা এটা বন্যহস্তীৰ  জাঁকে উচ্চ ক্ষমতা সম্পন্ন  বিদ্যুত বাহী টাৱাৰ এটা ভাগি পেলোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। খাদ্যৰ সন্ধানত মেঘালয়ৰ পৰা অহা ২৩/২৪ জনীয়া বন্যহস্তীৰ জাঁক এটাই বিগত প্ৰায় এক বছৰৰ পৰা লক্ষীপুৰ আঞ্চলিক বন বিষয়াৰ অধিনস্থ শিগৰী, বৰদল, আমবাৰী, বলাইখামাৰ, ধামৰ আদি অঞ্চলৰ বননিত বিচৰণ কৰি আছিল ।

এই হাতীৰ জাঁক টোৱে যোৱা বুধবাৰৰ দিনা সন্ধিয়া বনাঞ্চল এৰি দোমোনী-বোৱালমাৰীৰ সমীপত বৰোধান পথাৰৰ সমতল ভূমিত আশ্ৰয় লয়। নিঁশা তাত থকা বৰোধান সমূহ খাই তহিলং কৰে আৰু সেই নিঁশাই পথাৰৰ মাজেৰে যোৱা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুত বাহী তাৰৰ টাৱাৰ এটা ভাগি পেলায়।ফলত বিগত দুদিন আমবাৰী-বগুৱানৰ পৰা ফকিৰগন্জ লৈ থকা বিস্তৃত অঞ্চল অন্ধকাৰত ডুব গৈ আছিল।

ইপিনে ধামৰ বোৱালমাৰীত থিতাপি লোৱা হাতীৰ জাঁক টোৱে গাঁওবাসীৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে। গাওঁবাসীয়ে উক্ত অঞ্চলৰ পৰা বন্যহস্তীৰ জাঁক টোক খেদি পঠিওৱাৰ বাবে বন বিষয়াক দাবী জনাইছে যদিও হাতীৰ জাঁক টোক খেদি পঠিওৱাৰ ব্যাৰ্থ হৈছে বন বিষয়াৰ দল।

Post a Comment

0 Comments