বিলাসীপাৰা পুব সমষ্টিৰ তাৰাং কৈমাৰী ভোট গ্ৰহণ কেন্দ্ৰত আচলতে কি হৈছিল
জহিৰুল ইছলাম,বিলাসীপাৰা ৮ এপ্ৰিলঃ বিলাসীপাৰা পুব সমষ্টিৰ তাৰাং কৈমাৰী ভোট গ্ৰহণ কেন্দ্ৰত আচলতে কি হৈছিল।বিজেপিক ভোট দিবলৈ বিজেপি কৰ্মীয়ে কাপোৰ আৰু টকা বিতৰণ কৰিবলৈ যোৱাৰ অভিযোগ কিমান দুৰ সচাঁ।নিজৰ মুৰ নিজেই ফাটাই একাংশ বিজেপি কৰ্মীক এ আই ইউ ডি এফ সজোৱাটো কিমান দুৰ গ্ৰহণ যোগ্য।
উল্লেখযোগ্য যে,উক্ত ভোট গ্ৰহণ কেন্দ্ৰত অলি উল নামৰ বিজেপিৰ বুথ কমিটিৰ কৰ্ম কৰ্তাই ভোটাৰক পদুম ফুলৰ ছবিত ভোট দিবলৈ হেচাঁ প্ৰয়োগ কৰাৰ অভিযোগ তুলি একাংশ লোকে কেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল।ফলত ৰাইজৰ মাজত ঠেলা হেচাঁত বিজেপি কৰ্মী অলি উলৰ মুৰ ফটাৰ লগতে তেওঁৰ পিন্ধনত থকা কাপোৰ ছিঙি গৈছিল বুলি প্ৰত্যক্ষ দৰ্শীৰ ভাষ্যত জানিব পৰা গৈছে।
কিন্ত অলি উলে উক্ত ঘটনাক ৰাজনৈতিক ইছ্যু বনাই একাংশ এ আই ইউ ডি এফৰ কৰ্মীৰ লগতে বিজেপিৰ মণ্ডল বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি তেওঁক মাৰপিট কৰাৰ অভিযোগ তুলি থানাত গোচৰ তৰিছে।ইফালে উক্ত গোচৰ সন্দৰ্ভত উচিত তদন্তৰ দাবী জনাইছে তাৰং কৈমাৰী অঞ্চলৰ ৰাইজে।অবশ্য কোন সচা কোন মিছা সেয়া আৰক্ষীৰ ন্যায়ক তদন্তত পোহৰ লৈ আহিব।
0 Comments