গোৱালপাৰাৰ চুনাৰী গাওঁ পঞ্চায়ত সভানেত্রীৰ অভিনব পদক্ষেপ : স্বচ্ছ ভাৰতৰ অধীনত ডাষ্টবিন বিতৰণ :

গোৱালপাৰাৰ চুনাৰী গাওঁ পঞ্চায়ত সভানেত্রীৰ অভিনব পদক্ষেপ 

: স্বচ্ছ ভাৰতৰ অধীনত ডাষ্টবিন বিতৰণ :

গোৱালপাৰা জিলাৰ চুনাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত চুনাৰী বজাৰ এখনি নৈ পৰীয়া ঠাই। অতি ভিতৰুৱা আৰু উক্ত ঠেক ঠাই খিনিত দৈনিক বজাৰৰ উপৰিও সাপ্তাহিক বজাৰ বহে। দৈনিক বজাৰৰ জনসমাগমৰ উপৰিও সাপ্তাহিক বজাৰৰ দিনা স্থানীয় ব্যৱসায়ী গ্ৰাহকৰ লগতে চৰ চাপৰিৰ পৰা হাজাৰ হাজাৰ ক্ৰেতা বিক্ৰেতাৰ সমাগম হয়।

বজাৰৰ শেষত অবাঞ্ছিত ভাৱে বহু জাৱৰ জোথৰৰ দম হৈ পৰিবেশ দূষিত হৈ আহিছে দীৰ্ঘদিন পৰাই । এনে দুৰ্গন্ধময় পৰিবেশৰ প্ৰতি লক্ষ্য কৰি স্থানীয় ৰাইজ তথা চুনাৰী বজাৰৰ দোকানী সকলে জন প্ৰতিনিধি সকলৰ ওচৰত বহু আবেদন নিবেদন কৰিও কোনো সুফল পোৱা নাছিল বুলি অভিযোগ উত্থাপিত হৈ আহিছে ।

তেনে সময়ত চুনাৰী গাওঁ পঞ্চায়তৰ সভানেত্রী তকলিমা খাতুনে বিষয়টো গুৰুত্ব সহকাৰে লৈ পঞ্চায়ত পুজিৰ পৰা প্ৰথম অৱস্থাত চাৰিটাকৈ ডাষ্টবিন প্ৰদান কৰে। আজি ডাষ্টবিন প্ৰদান কৰি পঞ্চায়ত সভানেত্রী গৰাকীয়ে কয় যে প্ৰথম অৱস্থাত চাৰিটাকৈ ডাষ্টবিন প্ৰদান কৰা হয় আৰু ভৱিষ্যতে পুজি অনুপাতে ইয়াৰ সংখ্যা বঢ়াই তোলা হব বুলি উপস্থিত ৰাইজৰ আগত মন্তব্য কৰে ।

লগতে সভানেত্রী গৰাকীয়ে কয় যে প্ৰতি গৰাকী গ্ৰাহক-ক্ৰেতাই স্বচ্ছ ভাৰতক সন্মান জনাই জাবৰ জোথৰ সমূহ নিৰ্দিষ্ট ডাষ্টবিনত পেলাব লাগিব আৰু সময়মতে ইয়াক নিস্কাষন কৰাৰ ব্যৱস্থাও কৰিব লাগিব।

সুস্থ পৰিবেশতহে সু স্বাস্থ্য গঢ়ি উঠে যাৰ বাবে সকলোৱে প্ৰদুষণ মুক্ত অসম গঢ়িবলৈ চেষ্টা কৰিব লাগিব। উক্ত ডাষ্টবিন বিতৰণ কাৰ্যসূচী অনুষ্ঠানত হবিবৰ ৰহমান, প্ৰাক্তন শিক্ষক আব্দুল কাদেৰ খন্দকাৰ, বিশিষ্ট সমাজ সেৱক খলিল খান, মেৰাজ আলি জোদ্দাৰ আৰু গাওঁ পঞ্চায়তৰ সদস্য সদস্যা সকলৰ লগতে চুনাৰী বজাৰৰ দোকানী ও শতাধিক ৰাইজ উপস্থিত থাকে ।

Post a Comment

0 Comments