গোৱালপাৰা পূৱ সমষ্টিত কিতাপৰ উজান উঠিছে, ৰব এই কিতাপ আকৌ সেই কিতাপ নহয়, এই কিতাপ হলএন পি পি দলৰ প্ৰাৰ্থী ৰিংকু মজুমদাৰৰ কিতাপ

গোৱালপাৰা পূৱ সমষ্টিত কিতাপৰ উজান উঠিছে, ৰব এই কিতাপ আকৌ সেই কিতাপ নহয়

নিৰ্বাচনলৈ মাজত মাথো দুটামান দিন বাকী । ৰাজনৈতিক দল সমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত। আমি আহিছো গোৱালপাৰা পূৱ সমষ্টিলৈ ।গোৱালপাৰা পূৱ সমষ্টিত কিতাপৰ উজান উঠিছে। ৰব এই কিতাপ আকৌ সেই কিতাপ নহয়। এই কিতাপ হল গোৱালপাৰা পূৱ সমষ্টিৰ এন পি পি দলৰ প্ৰাৰ্থী ৰিংকু মজুমদাৰৰ কিতাপ ।

ৰিংকু মজুমদাৰ প্ৰাক্তন বিধায়ক শাদিদ মজুমদাৰৰ পুত্ৰ । ৰিংকু মজুমদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে পিতৃ শাদিদ মজুমদাৰে। একেদৰে ৰিংকু মজুমদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে পত্নী শাহিনা ইয়াচমিন, মুন মুনেও। ৰিংকু মজুমদাৰে ভোটাৰৰ ভোট বিচাৰিছে সমষ্টি উন্নয়নৰ বাবেহে। বিগত ৫ বছৰত সমষ্টিক কেৱল ৰজাৰ ৰাজত্বহে চলিল সাধাৰণ ৰাইজৰ কোনো উপকাৰ নহল এই দাবী কৰে এন পি পি দলৰ প্ৰাৰ্থী ৰিংকু মজুমদাৰে ।

গোৱালপাৰাত বালি মহল, মাটি মহল, শিলৰ কুৱৰী, কয়লাৰ ব্যৱসায় সমূহ পুনৰ জীৱিত কৰিবলৈ ৰিংকু মজুমদাৰে ৰাইজৰ হৈ কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। নাৰী শক্তিক সবলীকৰণৰ বাবে শাহিনা ইয়াচমিন,মুনমুনে স্বামী ৰিংকু মজুমদাৰৰ হৈ ৰাইজৰ ওচৰত ভোট খোজে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰিংকু মজুমদাৰক ভোট দিবলৈ আহ্বান জনায় শাহিনা ইয়াচমিনে।

Post a Comment

0 Comments