জলেশ্বৰ হাসডোবাত যাত্ৰীবাহী বাছ দূৰ্ঘটনা - আহত ত্ৰিশ
মতিউৰ ৰহমান, লক্ষীপুৰ- জলেশ্বৰৰ হাসডোবাত আজি আবেলি এক পথ দুৰ্ঘটনাত ত্ৰিশ গৰাকী লোক আহত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জনা মতে এ এচ ১৮ চি ৭৮৮৭ নম্বৰৰ যাত্ৰীবাহী বাছ এখনে প্ৰায় অৰ্ধ শতাধিক যাত্ৰী লৈ গুৱাহাটীৰ পৰা ফকিৰগন্জ লৈ গৈ আছিল। হাসডোবা আহি পোৱাৰ লগে লগে গাড়ীৰ চালক জনে নিয়ন্ত্ৰণ হেৰুৱায়। ফলত বাছ খনে সোফালে গৈ দ খাৱৈত বাগৰি পৰে। চালক জনে বাছ খন তীব্ৰ বেগেৰে চলোৱাৰ বাবেই এই দূৰ্ঘটনা সংঘটিত হোৱা বুলি বাছত থকা যাত্ৰী সকলে কয়।
0 Comments