এন পি পি দলৰ প্ৰাৰ্থী ৰিংকু মজুমদাৰৰ সমৰ্থনত ওলাই আহিছে ভোটাৰ জনতা
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাথো কেইটামান দিন বাকী। কংগ্ৰেছ দলৰ প্ৰাৰ্থী একে ৰছিদ আলমক উদ্ধাৰ কৰিবলৈ অৱশেষত প্ৰিয়ংকা গান্ধীৰ শৰণাপন্ন হৈছে কংগ্ৰেছ নেতা পালিনেতা সকলে । ঠিক তেনে সময়তে গোৱালপাৰা পূৱ সমষ্টিত এন পি পি দলৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰে নিদ্ৰা হৰিছে বিভিন্ন দল সংগঠনৰ । এন পি পি দলৰ প্ৰাৰ্থী ৰিংকু মজুমদাৰৰ সমৰ্থনত ওলাই আহিছে ভোটাৰ জনতা। ৰিংকু মজুমদাৰৰ প্ৰতীক চিহ্ন কিতাপৰ ছবি।
জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰিংকু মজুমদাৰক ভোট দিবলৈ ওলাইছে গোৱালপাৰা পূৱ সমষ্টিৰ জনতাই । প্ৰাক্তন বিধায়ক শাদিদ মজুমদাৰৰ কৰ্মী সমৰ্থক সকলে ৰাইজৰ মাজত গৈছে, প্ৰচাৰ কৰিছে আৰু ৰিংকু মজুমদাৰক ভোট দিবলৈ আহ্বান জনাইছে। গোৱালপাৰা পূৱ সমষ্টিৰ ৰাইজৰ ৰজা নালাগে, লাগে এগৰাকী বিধায়ক।
ইফালে ৰিংকু মজুমদাৰৰ হৈ প্ৰতিটো নিৰ্বাচনী প্ৰচাৰ সভাত সহযোগিতা আগবঢ়াইছে পত্নী শাহিনা ইয়াচমিন, মুন মুনে। স্বামীৰ হৈ দিনে নিশাই নিৰ্বাচনী প্ৰচাৰ সভাত যোগদান কৰি মহিলা সকলৰ লগত মত বিনিময় কৰিছে আৰু সমষ্টি উন্নয়নৰ নামত দিছে বহু প্ৰতিশ্ৰুতি। তাৰে কিছু দৃশ্যাংশ আমি দেখোৱাইছো।
গোৱালপাৰা পূৱ সমষ্টিত ৰিংকু মজুমদাৰে কয়লা ব্যৱসায় আৰু নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছে সমষ্টিবাসীক। ৰিংকু মজুমদাৰৰ নিৰ্বাচনী প্ৰচাৰৰ কিছু দৃশ্য আমি স্ক্ৰীণত দেখাইছো, স্বতঃস্ফুৰ্ত সহাৰি দিছে গোৱালপাৰা পূৱ সমষ্টিৰ ভোটাৰ জনতাই ।
0 Comments