আমবাৰী ঝুনকাইপাৰাত নতুন দিগন্তৰ সূচনা : নতুনকৈ স্থাপন হল আল-কাউছাৰ নামৰ এখনি ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান

আমবাৰী ঝুনকাইপাৰাত নতুন দিগন্তৰ সূচনা

নতুনকৈ স্থাপন হল আল-কাউছাৰ নামৰ এখনি ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান

নুৰ আমিনৰ, চুনাৰী- গোৱালপাৰা জিলাৰ আমবাৰী ঝুনকাইপাৰা গাওঁত আজি এখনী ব্যাক্তিগত খন্ডৰ ইংৰাজী শিক্ষানুষ্ঠান উদ্বোধন কৰি নতুন দিগন্তৰ সূচনা কৰিলে আব্দুছ ছবুৰ নামৰ এগৰাকী শিক্ষিত যুৱকে।

আজি ঝুনকাইপাৰাত আল-কাউছাৰ নামৰ ব্যাক্তিগত খন্ডৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান খন ৰাজহুৱা ভাবে উদ্বোধন কৰে ইনচাইড এন ই চ্যেলেনৰ সম্পাদিকা আফ্ৰিদা হুচেইনে।

আল-কাউছাৰ শিক্ষানুষ্ঠান খনৰ উদ্বোধন উপলক্ষে ৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক জালাল উদ্দিন আহমেদৰ সভাপতিত্বত এখনী সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে ভাষণ আগবঢ়ায় বিশিষ্ট  সাংবাদিক আফ্ৰিদা হুচেইনে।

ভাষণ প্ৰসংগত হুচেইনে কয় যে ধৰ্মই দেশ নচলায়। অকল মাদ্ৰাছা শিক্ষাৰে নহয়,  লৰা-ছোৱালীক সাধাৰণ শিক্ষাৰে শিক্ষিত কৰি প্ৰশাসনিক বিষয়া হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিব লাগিব। তেহে সংখ্যালঘু ৰাইজৰ সমস্যা সমাধান হব।

সভাত লগতে আল-কাউছাৰ একাডেমীৰ পৰিচালন সঞ্চালক আব্দুছ ছবুৰ, সহযোগী অধ্যাপক সৰিফুল ইচলাম, অৱসৰপ্ৰাপ্ত শিক্ষক আমিৰ হুচেইন প্ৰমূখ্যে গন্য-মান্য শিক্ষাবিদ সকলে ভাষণ  আগবঢ়ায়।

Post a Comment

0 Comments