গোৱালপাৰাৰ মনাকোচাত সন্ধানহীন এগৰাকী লোক
গোৱালপাৰাৰ মনাকোচাত সন্ধানহীন এগৰাকী লোক। বহু বিচাৰ খোচাৰ কৰিও সন্ধান পোৱা নাই পৰিয়ালৰ লোকে। অৱশেষত আৰক্ষীক অৱগত কৰিও সুফল নোপোৱাত হতাশাত ভাগি পৰে পৰিয়ালৰ লোকে।
গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত মনাকোচা গাৱৰ আয়জাল হক নামৰ এগৰাকী বিবাহিত লোক প্ৰায় দুমাহ কাল ধৰি সন্ধানহীন হৈ থকাত অঞ্চলটোত এক চেপা উত্তেজনা বিৰাজ কৰিছে। আয়জাল হকৰ বয়স প্ৰায় ৩০ বছৰ । জানিব পৰা মতে তিনিবছৰ পুৰ্বে আয়জাল হক নামৰ এই লোক গৰাকী মানসিক ৰোগত ভুগি আছিল।
পৰিয়ালৰ লোকে চিকিৎসা পাতি কৰি ক্ৰমাৎ সুস্থ কৰি তুলে যদিও হঠাতে ঘটিল অঘটন। যোৱা ১৮ ফেব্ৰুৱাৰীত আয়জাল হকে ঘৰৰ পৰা ওলাই যায় যদিও পুনৰ ঘৰলৈ উভতি নাহে। পৰিয়ালৰ লোকে আয়জাল হকক বিচাৰি হাহাকাৰ কৰি ফুৰে। এসপ্তাহ কাল ধৰি বিচাৰ খোচাৰ কৰি কোনো আত্মীয় স্বজনৰ ঘৰতো সন্ধান নাপাই অৱশেষত ২ মাৰ্চত মৰনৈ আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কে এক এখনি জাননী দাখিল কৰে ।
কিন্তু বৰ্তমান সময়লৈ লোক গৰাকীৰ কোনো সন্ধান নাপাই মানসিক ভাৱে ভাগি পৰিছে পৰিয়ালৰ লোকে। জানিব পৰা মতে আয়জাল হকৰ ছয় বছৰীয়া এগৰাকী পুত্ৰ সন্তানো আছে। যদি কোনো লোকে আয়জাল হক নামৰ লোক গৰাকীৰ সন্ধান পায় তেন্তে ওচৰৰ থানা বা ৬০০০০৯৫৮০৭ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।
0 Comments