পৰকীয়া প্ৰেমৰ বাবেই অন্ধকাৰ নামিল এটা পৰিয়াললৈ
দুই শিশু সহ স্বামীক এৰি চুবুৰীয়া অইন দুই সন্তানৰ পিতৃৰ সৈতে পলাই গল পাষাণ মাতৃ কৌশল খটুৱাই স্বামীৰ ধন হৰলুকি কৰি চুবুৰীয়া দুই সন্তানৰ পিতৃৰ সৈতে পলায়ন পাষাণ মাতৃৰ।
ইফালে স্বামী আৰু শিশু সন্তানৰ দিন নাযায়-ৰাতি নুপুৱায় অৱস্থা লম্পট পত্নীৰ এনে কাণ্ডত দিনতেই আন্ধাৰ দেখিছে ভুক্তভোগী স্বামী ,দুই সন্তান কান্দি-কাটি অস্থিৰ ।
নগৰবেৰাৰ টুপামাৰী গাঁৱত পোহৰলৈ আহিছে এই জঘন্য ঘটনা। দুই সন্তানৰ পিতৃ গাঁৱখনৰ গাজিবৰ ৰহমানৰ পুত্ৰ লম্পট আহম্মদ আলী। লম্পট আহম্মদে কৌশল খটুৱাই গাওঁ খনৰ আজমল হকৰ পত্নীক লই পলায়ন কৰে।
পৰকীয়া প্ৰেমত মচগুল হৈ পাষণ্ডজনীয়ে পৰিয়ালৰ চিন্তা এৰি দুই শিশুক থৈ গুচি গ’ল দ্বিতীয় 'হানিমুনলৈ'। দুই শিশু লগত লৈ স্বামীয়ে পত্নীক ওভতাই বিচাৰি কাষ চাপিল আৰক্ষীৰ। নাখাই-নব’ই সময় কটাইছে দুই সন্তানক কাষত ল’ই স্বামী আজমলে।
0 Comments