জলেশ্বৰত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা : বিজেপি দলক তীব্ৰ সমালোচনা:

জলেশ্বৰত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা : বিজেপি দলক তীব্ৰ সমালোচনা:


মতিউৰ ৰহমান, লক্ষীপুৰ ৩ এপ্ৰিল: জলেশ্বৰ সমষ্টিৰ ধুমেৰঘাটত আজি কংগ্ৰেছ দলৰ এখনি বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয় । সভাত মূখ্য বক্তা হিচাপে উপস্থিত আছিল কংগ্ৰেছ দলৰ নেতা প্ৰাক্তন মন্ৰী ৰকিবুল হুচেইন। লগতে আমন্ত্ৰিত অতিথি হিচাপে আছিল বিশিষ্ট কবি ইমৰাণ প্ৰতাপগিৰি আৰু গায়ক  অজয় ফুকন। কংগ্ৰেছৰ নেতা ৰকিবুল হুচেইনে জলেশ্বৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আফতাব উদ্দিন মোল্লাৰ হৈ নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰে। হুচেইনে ভাষণ  প্ৰসংগত কয় যে আপোনালোকে আফতাব উদ্দিন মোল্লাক ভোট  দিয়ক আপোনালোকৰ সমস্যা আমি সমাধান কৰিম।

সাংবাদিকক অপদস্থ  কৰা সন্দৰ্ভত সাংবাদিকে  সোধা এক  প্ৰশ্নৰ উত্তৰত  হুচেইনে  মন্ত্ৰী পিযুষ হাজৰিকাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক অপদস্থ কৰা কাৰ্যক ধিক্কাৰ জনাই তদন্তমূলে উচিত শাস্তি বিহাৰ দাবী জনায়। এইবাৰ অসমত কংগ্ৰেছৰ চৰকাৰ হব বুলিও হুচেইনে ডাঠি কয়। বিশিষ্ট কবি ইমৰাণ প্ৰতাপগিৰিয়ে ভাষণ প্ৰসংগত কয় যে বিজেপি চৰকাৰে এন আৰ চি উন্নীতকৰণৰ নামত চৰম ভাবে হাৰাশাস্তি কৰিছে ভাৰতীয় ধৰ্মীয় সংখ্যালঘু লোকক।

বিজেপি চৰকাৰে হাৰাশাস্তিৰ নামত তথ্য পাতি বিচাৰিলে এতিয়াৰ পৰা  আমি ত্ৰিৰংগা দেখুৱাম। প্ৰয়োজন সাপেক্ষে বুকুত গুলি খাবলৈ প্ৰস্তুত হম কিন্তু জন্মভূমি এৰি কলৈকে নাযাও। তেওঁ আফতাব উদ্দিন মোল্লাক ভোট দিয়াৰ বাবে আহ্বান জনায়। বিশাল নিৰ্বাচনী সভাত অজয় ফুকনে বিজেপিৰ বিৰুদ্ধে নাচিবাগী গীত গাই ভোটাৰ ৰাইজক নচুৱায়। ব্লক সভাপতি সাহাব উদ্দিন মন্ডলৰ সভাপতিত্বত  অনুষ্ঠিত সভাত জলেশ্বৰ বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আফতাব উদ্দিন মোল্লাইও ভাষণ প্ৰদান কৰে। 

Post a Comment

0 Comments