জলেশ্বৰত নিৰ্বাচনী হিংসা: বিজেপিৰ নিৰ্বাচনী সভালৈ দৃৰ্বৃত্তৰ শিল নিক্ষেপ:
গুৰুতৰ ভাবে আহত বিজেপিৰ নেতা মুকুট আহমেদ
মতিউৰ ৰহমান, লক্ষীপুৰ- জলেশ্বৰত বিজেপিৰ এক নিৰ্বাচনী সভাত দৃৰ্বৃত্তই শিল দলিওৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জনা মতে আজি সন্ধিয়া জলেশ্বৰ বজাৰত বিজেপি দলৰ এখনি নিৰ্বাচনী সভা অনুষ্ঠিত হয়।
সভা খনত জলেশ্বৰ বিধান সভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ওচমান গণিয়ে ভাষণ দি থকা অৱস্থাত অচিনাকী দৃৰ্বৃত্তই বিজেপিৰ প্ৰাৰ্থী ওচমান গণিৰ গা লৈ কেইবাটাও শিল দলিয়ায়। সৌভাগ্য ক্ৰমে দ্ৰুত গতিত অহা শিল প্ৰাৰ্থী গৰাকীৰ গাত নালাগি পিছফালে বহি থকা জলেশ্বৰ বিজেপিৰ মন্ডলৰ সম্পাদক মুকুট আহমেদৰ মূৰত লাগে।
ফলত মুকুট আহমেদৰ মূৰ ফালি যায়। ততাতৈয়াকৈ গুৰুতৰ ভাবে আহত আহমেদক জলেশ্বৰ মডেল হস্পিটেলত ভৰ্তি কৰায়। এই সংক্ৰান্তত বিজেপি দলৰ ফালৰ পৰা জলেশ্বৰ থানাত এটি গোচৰ ৰুজু কৰে। এই সন্দৰ্ভত বিজেপি দলৰ প্ৰাৰ্থী ওচমান গণিয়ে এই ঘটনাক ৰাজনৈতিক চক্ৰান্ত বুলি কয়।
এই ৰাজনৈতিক হিংসাৰ সৃষ্টি কৰা দোষীক শীঘ্ৰেই কৰায়ত্ব কৰি দৃষ্টান্ত মূলক শাস্তি বিহাৰ বাবেও গণিয়ে দাবী জনায়। ৰাজনৈতিক হিংসাৰ ঘটনাটোৱে জলেশ্বৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
0 Comments