জলেশ্বৰত এ আই ইউ ডি এফৰ বিশাল জনসভা:
ভাৰতীয় ধৰ্মীয় সংখ্যালঘুক বিদেশী বুলি আঙুলি টোৱালে নখ বেকা কৰি দিম-বিধায়ক আমিনুল ইচলাম
মতিউৰ ৰহমান ,লক্ষীপুৰ ৪ এপ্ৰিল- জলেশ্বৰ সমষ্টিৰ বায়সা-খাৰুবাজ হাই স্কুল খেল পথাৰত আজি এ আই ইউ ডি এফ দলৰ এখনী নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ধিং সমষ্টিৰ বিধায়ক আমিনুল ইচলামে কয় যে চৰকাৰে এন আৰ ছি ৰ কাম আধৰুৱা কৰি থৈছে।
এতিয়ালৈকে এন আৰ ছিৰ পৰিচয় পত্ৰ প্ৰদান কৰা নাই। কম্পিউটাৰৰ পৰা ডিলিট কৰিলেই চব যাব। মহাজোঁটৰ চৰকাৰ হলে প্ৰথমেই প্ৰত্যেক গৰাকী ধৰ্মীয় সংখ্যালঘু ভাৰতীয়ক এন আৰ ছিৰ পৰিচয় পত্ৰ প্ৰদান কৰা হব। তাৰ পিছত যদি কোনোবাই প্ৰকৃত ভাৰতীয়ক বাংলাদেশীৰ নামত আঙুলি টোৱায় তেন্তে সেই আঙুলি বেকা কৰি দিম।
এ আই ইউ ডি এফৰ কুৰি গৰাকী বিধায়ক নিৰ্বাচিত হলে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হলেও আমাৰ আঙুলিৰ ইচাৰাত চলিব লাগিব আৰু চাবুকটো বদৰুদ্দিন আজমলৰ হাতত থাকিব। এ আই ইউ ডি এফ দলৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে জলেশ্বৰ সমষ্টিত তৃতীয় বাৰৰ বাবে অংশগ্ৰহণ কৰি ডঃ ৰেজা আমিনৰ হৈ প্ৰচাৰ চলায়।
ভাষণ প্ৰসংগত আজমলে কংগ্ৰেছৰ প্ৰাৰ্থী আফতাব উদ্দিন মোল্লাক তীব্ৰ সমালোচনা কৰি তেওঁক ভগা নাও বুলি অভিহিত কৰে। অসমত এইবেলি মহাজোঁটৰ চৰকাৰ হব বুলিও তেঁও ডাঠি কয়। সভাত খনত আজমলে নিজেও নিজৰ দলৰ পক্ষত শ্লগান দি সভা থলীৰ আকাশ বতাহ কপাঁই তোলে।
0 Comments