এইবাৰ অসমৰ পৰা বিজেপি চৰকাৰ বিদায় লোৱাটো খাটাং
অসমৰ এগৰাকী প্ৰাক্তন প্ৰভাৱশালী মন্ৰী ৰকিবুল হুচেইনে কালি সন্ধিয়া গোৱালপাৰা পশ্চিম বিধান সভা সমষ্টিৰ শিমলুবাৰী হাই স্কুল প্ৰাংগনত এক বিশাল নিৰ্বাচনী জনসভাত অংশ গ্ৰহণ কৰি ভাষণ প্ৰসংগত কয় যে এইবাৰ অসমৰ পৰা ভ্ৰষ্টাচাৰী বিজেপি চৰকাৰ যোৱাটো খাটাং। প্ৰথম পৰ্যায়ৰ ভোট দানৰ ৪৭ ৰ টাৰ ভিতৰত ৪৫ টা সমষ্টিত জয়ী হব মহাজোঁটে ।
যদি কেনেবাকৈ বিজেপি চৰকাৰ আহে তেন্তে ইমান কষ্টৰ বিনিময়ত উন্নীতকৰণ কৰা এন আৰ চি নস্যাৎ কৰিব বিজেপিয়ে। আৰু ইয়াক নতুন কৈ প্ৰস্তুতকৰণৰ নামত আকৌ হাৰাশাস্তি কৰিব। ৰচিদ মন্ডলক ৫০ হাজাৰ ভোট ব্যৱধানত জয়ী কৰাব পাৰিলে মোৰ মন্ত্ৰীত্ব কৰ্তন কৰি ৰচিদ মন্ডলক মন্ত্ৰীত্ব দিম বুলিও প্ৰাক্তন মন্ত্ৰী- কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে কয়। সভাত গোৱালপাৰা পশ্চিম সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী আব্দুৰ ৰচিদ মন্ডলে বিজেপি দলক চৰম সাম্প্ৰদায়িক আখ্যা দি তীব্ৰ ভাষাৰে সমালোচনা কৰে।
নিৰ্বাচনী সভাখনত এ আই ইউ ডি এফৰ জিলা সভাপতি ছফিয়ৰ ৰহমান, প্ৰাক্তন অধ্যক্ষ সাহাজুল ইচলাম, আবু বক্কাৰ ছিদ্দিক প্ৰমুখ্যে এ আই ইউ ডি এফৰ নেতা কৰ্মী সকলে মহাজোঁটৰ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মনোনীত প্ৰাৰ্থী ৰচিদ মন্ডলক বিপুল ভোটত জয়যুক্ত কৰোৱাৰ বাবে ভাষণ প্ৰসংগত ৰাইজক আহ্বান জনায়।
0 Comments