বিহুৰ উলাহ মালহৰ লগতে ৰমজানৰ দ্বিতীয় ৰোজাৰ মাজতে বৃহত্তৰ চাপৰ অঞ্চলত শোকৰ ছাঁ-
নুৰজামাল সেখ, চাপৰ- মানৱ সমাজক ভুলণ্ঠিত কৰা ঘটনাই জোকাৰি গৈছে সমগ্ৰ চাপৰ অঞ্চল।
নিজ পুত্ৰৰ ঘোচাত প্ৰাণ গ'ল বৃদ্ধ পিতৃৰ, এক হৃদয়বিদাৰক ঘটনাই জোকাৰি গৈছে চাপৰ অঞ্চল।
ৰমজানৰ দ্বিতীয় দিনাই চাপৰৰ ৰঙামাটিৰ ছাছলাপাৰা দ্বিতীয় খণ্ড গাওঁত এক লোমহৰ্ষক হত্যাকাণ্ডই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
পাৰিবাৰিক কন্দলৰ পৰিণতিত সংগঠিত হৈছে পিতৃ হত্যাৰ নিচিনা এক জঘণ্যতম ঘটনা। আজি ১৫ এপ্ৰিলৰ দিনা পুৱা ৯ বজাত হানিবুল সেখ নামৰ কুলাঙ্গাৰ পুত্ৰই পিতৃ কুদৰৎ উল্লাহ সেখৰ লগত কাজিয়াত লিপ্ত হয় । এটা সময়ত কাজিয়া ইমানেই চৰম পৰ্যায় পায় যে পুত্ৰ হানিবুল সেখে খংৰ ভমকত নিজ পিতৃক উপুৰ্যুপৰি ঘুচিয়াবলৈ ধৰে।
পুত্ৰৰ ঘুচিত নিমিষতে প্ৰান যায় পিতৃৰ। ঘটনাৰ পিছতেই এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় আৰু স্থানীয় ৰাইজৰ সমাগম হয় ঘটনাস্থলীলৈ । লগে লগে স্থানীয় ৰাইজে ওচৰৰ আৰক্ষী থানাত খবৰ দিয়ে। ঘটনাক কেন্দ্ৰ কৰি চাপৰৰ ৰঙামাটিৰ ছাছলাপাৰা দ্বিতীয় খণ্ড গাওঁত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে ।
আৰক্ষীৰ তৎপৰতাত ঘাতক হানিবুল সেখৰ লগতে ভাতৃ হানিফ সেখ, আৰু হামিদা বিবিক কৰায়ত্ব কৰি চাপৰ থানালৈ লৈ যায়।স্থানীয় ৰাইজে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী কৰে।
0 Comments