গোৱালপাৰাত ৰঙালী বিহুৰ পূৰ্ণ প্ৰস্তুতি
গোৱালপাৰাত ৰঙালী বিহুৰ পূৰ্ণ প্ৰস্তুতি। বলদমাৰী হাইস্কুল খেলপথাৰ প্ৰাঙ্গণত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত বিহু উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ। গোৱালপাৰা চহৰৰ বাপুজী নগৰ ৰঙালী বিহু সন্মিলনীয়ে এইবাৰ ৩৮ বছৰত ভৰি দিলে। ১৪, ১৫, ১৬ আৰু ১৭ এপ্ৰিল চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি ।
আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত ছাফাই অভিযান আৰু পুৱা ৯ বজাত বিহু পতাকা উত্তোলন কৰা হয়। বিহু পতাকা উত্তোলন কৰে ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি অজিত কুমাৰ বৰুৱাই। পতাকা উত্তোলনৰ সময়ত চেমনীয়া বিহুগীত পৰিবেশন কৰা হয়। একেদৰে গোৱালপাৰা লেখিকা সমাৰোহৰ সদস্যা সকলে সমবেত সংগীত পৰিবেশন কৰে।
পতাকা উত্তোলনৰ শেষত বিহু উদযাপন সমিতিৰ সভাপতি অজিত কুমাৰ বৰুৱাই নিজৰ ভাষণত কয় যে বাপুজী নগৰ ৰঙালী বিহু সন্মিলনীয়ে এইবাৰ ৩৮ বছৰত ভৰি দিলে। যোৱাটো বছৰত কৰণা ভাইৰাছৰ বাবে বিহু পাতিব নোৱাৰিলেও কেৱল পতাকা উত্তোলনেৰে দায়িত্ব সামৰা হৈছিল। এই বেলি চাৰিদিনীয়া কাৰ্যসূচীৰে বিহু পাতিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। কৰণা মহামাৰীৰ বাবে চৰকাৰে বান্ধি দিয়া নিয়ম নীতি মানি বিহু পাতিব লগা হৈছে।
বিহুতলীত অহা সকলো বিহু প্ৰেমী ৰাইজেও যাতে কভিড প্ৰটকল মানি মাস্ক পৰিধান কৰে। দুপৰীয়া দুই বজাৰ পৰা বিহু গীত আৰু বিষ্ণু সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। দুয়োটা প্ৰতিযোগিতাত প্ৰায় পঞ্চাশ গৰাকী চেমনীয়া প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।
0 Comments