চাপৰ ৰঙামাটিৰ হলদিবাৰীত চাঞ্চল্যকৰ ঘটনা
শুক্ৰবাৰে নিশা ছমিৰ আলীৰ পৰিয়াল আহাৰ গ্ৰহণ কৰাৰ পিছতে অসুস্থ অনুভৱ কৰে পৰিয়ালটোৰ সদস্য সকল। পৰিয়ালৰ ন-জন সদস্য অজ্ঞান অৱস্থাত ঘৰৰ পৰা উদ্ধাৰ।
এজন আলহী সহ ঘৰৰ পৰা নিখোঁজ ছমিৰ আলী
নুৰজামাল সেখ চাপৰ- ধুবুৰী জিলাৰ চাপৰ ৰঙামাটিৰ হলদিবাড়ীত চাঞ্চল্যকৰ ঘটনা। শুক্ৰবাৰ নিশা ছমিৰ আলীৰ পৰিয়ালৰ সৈতে আলহী এজন নিশা আহাৰ গ্ৰহণ কৰিছিল। আহাৰ গ্ৰহণ পিছৰে পৰা অসুস্থ অনুভৱ পৰিয়ালৰ সকলো সদস্য।ৰাতিপুৱা ঘৰৰ কাষৰ মানুহে পৰিয়ালৰ ন জন সদস্যক অজ্ঞান অৱস্থা উদ্ধাৰ কৰি লৈ যায় ৰঙামাটি চিকিৎসালয়ত।
পিছত উন্নত চিকিৎসাৰ বাবে চাপৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায়। ঘটনাৰ পিছৰ পৰা প্ৰায় দুমাহ ধৰি ছমিৰ আলীৰ ঘৰত থকা বেংগলী সম্প্ৰদায়ৰ ব্যক্তিজন সহ নিখোঁজ ছমিৰ আলী।পৰিত্যাগক্ত অৱস্থাত চাপৰ আৰক্ষীয়ে ছমিৰ আলী বাইক উদ্ধাৰ কৰে চাপৰ নিদানী গাওঁত। উল্লেখযোগ্য যে ধনতোলাৰ মনোৱাৰ নামৰ এজন ব্যক্তিও উক্ত নিশা ছমিৰ আলীৰ ঘৰত নিশাৰ আহাৰ গ্ৰহণ কৰিছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।
ইতিমধ্যে চাপৰ আৰক্ষী থানাত এজাহাৰ দাখিল ছমিৰ আলীৰ পৰিয়ালৰ। উল্লেখ্য যে প্ৰায় দুমাহ ধৰি এজন বেংগলী সম্প্ৰদায়ৰ মানুহ আছিল ছমিৰ আলীৰ ঘৰত। ছমিৰ আলীৰ লগতে বেংগলী মানুহজনো নিখোঁজ। পৰিয়ালৰ সদস্যৰ সন্দেহ নিচাযুক্ত দ্ৰব্য সেৱন কৰাই ছমিৰ আলী পৰিয়ালক অজ্ঞান কৰি অপহৰণ ছমিৰ আলীক। ঘৰৰ দৰ্জা ভঙা অৱস্থা পৰিলক্ষিত হয়। ইতিমধ্যে ঘটনা সংক্ৰান্তত চাপৰ আৰক্ষীৰ তদন্ত অব্যাহত।
0 Comments