জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰিংকু মজুমদাৰক ভোট দিবলৈ ওলাইছে গোৱালপাৰা পূৱ সমষ্টিৰ জনতাই
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাথো কেইটামান দিন বাকী। তাৰ মাজতে গোৱালপাৰা পূৱ সমষ্টিত এন পি পি দলৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ। এন পি পি দলৰ প্ৰাৰ্থী ৰিংকু মজুমদাৰৰ সমৰ্থনত ওলাই আহিছে ভোটাৰ জনতা। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰিংকু মজুমদাৰক ভোট দিবলৈ ওলাইছে গোৱালপাৰা পূৱ সমষ্টিৰ জনতাই ।
প্ৰাক্তন বিধায়ক শাদিদ মজুমদাৰৰ কৰ্মী সমৰ্থক সকলে ৰাইজৰ মাজত গৈছে, প্ৰচাৰ কৰিছে আৰু ৰিংকু মজুমদাৰক ভোট দিবলৈ আহ্বান জনাইছে। গোৱালপাৰা পূৱ সমষ্টিৰ ৰাইজৰ ৰজা নালাগে, লাগে এগৰাকী বিধায়ক। গোৱালপাৰা পূৱ সমষ্টিত ৰিংকু মজুমদাৰে কয়লা ব্যৱসায় আৰু নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছে সমষ্টিবাসীক ।
প্ৰাক্তন বিধায়ক শাদিদ মজুমদাৰৰ যেনেদৰে সমষ্টিবাসীৰ বাবে পাকঘৰৰ দুৱাৰ খোলা আছিল তেনেদৰে ৰিংকু মজুমদাৰৰ দুৱাৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সদায় খোলা থাকিব বুলি প্ৰতিশ্ৰুতি দিছে ৰিংকু মজুমদাৰে। গোৱালপাৰা পূৱ সমষ্টিত ৰিংকু মজুমদাৰ কেৱল এটা নাম নহয় ৰিংকু মজুমদাৰ কয়লা ব্যৱসায়ৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিৰ গৌৰৱ। ৰিংকু মজুমদাৰৰ নিৰ্বাচনী প্ৰচাৰৰ কিছু দৃশ্য আমি স্ক্ৰীণত দেখাইছো, স্বতঃস্ফুৰ্ত সহাৰি দিছে গোৱালপাৰা পূৱ সমষ্টিৰ ভোটাৰ জনতাই ।
0 Comments