গোৱালপাৰা পশ্চিম সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী জেহিৰুল ইছলাম-
প্ৰতিটো কথাতেই অগ্নিস্ফূলিঙ্গ নিগৰে-
নিজৰ ভাষণত তুলাধুনা দিলে বিধায়ক আব্দুৰ ৰছিদ মণ্ডলক। জেহিৰুল ইছলামৰ মতে ৰছিদ মণ্ডল হেনো অকৰ্মণ্য বিধায়ক। না সমষ্টিত থাকে না বিধান সভা মাত মাতে। জেহিৰুল ইছলামে নিজৰ সমৰ্থকক লগত লৈ সমষ্টিত নামিছে নিৰ্বাচনী প্ৰচাৰত ।
সমষ্টি উন্নয়ন আৰু নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছে সমষ্টিবাসীক-
অখিল গগৈৰ চিঠি বিতৰ্কত সোধা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ৰাইজৰ দলৰ সমৰ্থিত নিৰ্দ্দলীয় প্ৰাৰ্থী জেহিৰুল ইছলামে কয় যে আচলতে অখিল গগৈৰ চিঠিৰ ভুল ব্যাখ্যাৰে সামাজিক মাধ্যমত একাংশই অপপ্ৰচাৰ চলাই আহিছে। সকলো ৰাজনৈতিক মেৰপেচ আৰু অখিল গগৈ তথা অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলৰ ভাৱমূৰ্তিক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈহে একাংশই উঠি পৰি লাগিছে বুলি কয় নেতা গৰাকীয়ে।
গোৱালপাৰা পশ্চিম সমষ্টি উন্নয়নৰ ক্ষেত্ৰত এগৰাকী যুব নেতাৰ প্ৰয়োজন আৰু এই সমষ্টিক নেতৃত্ব দি সমষ্টি উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও কয় ৰাইজৰ দলৰ প্ৰাৰ্থী জেহিৰুল ইছলামে ।
গোৱালপাৰা পশ্চিম সমষ্টিৰ কোন হব বিধায়ক সেয়া হব সময়ৰ । আৰ পি নিউজ টিভিৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰতিবেদন পাবলৈ আমাৰ প্ৰতিটো খবৰৰ সৈতে থাকক।
0 Comments