ডুৱাচুৰী গাওঁ পঞ্চায়তৰ সভাপতি আমিনুল ইছলাম বিৰুদ্ধে আজি অনাস্থা- প্ৰস্তাৱ গৃহীত

ডুৱাচুৰী গাওঁ পঞ্চায়তৰ সভাপতি আমিনুল ইছলাম বিৰুদ্ধে আজি অনাস্থা- প্ৰস্তাৱ গৃহীত


👉🏼জহিৰুল ইছলামৰ, বিলাসীপাৰা- বিলাসীপাৰাত ডুৱাচুৰী গাওঁ পঞ্চায়তৰ সভাপতি আমিনুল ইছলাম বিৰুদ্ধে আজি অনাস্থা- প্ৰস্তাৱ গৃহীত।।   

👉🏼গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্ন্মে আঞ্চলিক পঞ্চায়তৰ সভানেত্রী হাচিনা বেগমৰ সভাপতিত্বত ডুৱাচুৰী গাওঁ পঞ্চায়তৰ সভাপতি আমিনুল ইছলামৰ বিৰুদ্ধে অনস্থা-প্ৰস্তাৱকলৈ আজি নায়েৰ আলগা আঞ্চলিক পঞ্চায়ত কাৰ্য্যালয়ত এখন সভা অনুষ্ঠিত হয়।।        

👉🏼উল্লেখ্য যে সভা খনত সভাপতি আমিনুল ইছলামক অনাস্থা প্ৰস্তাৱক লৈ বিলাসীপাৰা মহকুমা দণ্ডাধীশ বিষয়াৰ লগতে খণ্ড উন্নয়ন বিষয়া ৰতন সুত্রধৰৰ উপস্থিতত ডুৱাচুৰী গাওঁ পঞ্চায়তৰ সদস্য- সদস্যাৰ মাজত পুনৰ আজি ভোট গ্ৰহণ অনুষ্ঠিত হয়।।          

👉🏼মুঠতে প্ৰশ্ন হয় যে ভোট গ্ৰহণত ডুৱাচুৰী গাওঁ পঞ্চায়তৰ সভাপতি আমিনুল ইছলামৰ বিৰুদ্ধে আঁঠ গৰাকীৰ সদস্য-সদস্যাই ভোট প্ৰদান কৰি অনাস্থা-প্ৰস্তাৱ গৃহীত হয় ।।  

👉🏼সভাপতি গৰাকীৰ বিৰুদ্ধে অনাস্থা- প্ৰস্তাৱ গৃহীত হোৱাৰ ফলত ডুৱাচুৰী গাওঁ পঞ্চায়তৰ উপ-সভানেত্রী আছিয়া বিবিক সভাপতিৰ দায়িত্ব ভাৰ অৰ্পণ কৰা বুলি জানিব পৰা গৈছে।।

Post a Comment

0 Comments