গোৱালপাৰাৰ জলেশ্বৰত নতুন পাগলৰ আবিৰ্ভাৱ-

গোৱালপাৰাৰ জলেশ্বৰত নতুন পাগলৰ আবিৰ্ভাৱ-

গোৱালপাৰাৰ জলেশ্বৰত নতুন পাগলৰ আবিৰ্ভাৱ। এও আকৌ এলা পেছা পাগল নহয়, সমাগত নিৰ্বাচনত জলেশ্বৰ সমষ্টিৰ বিধায়ক পদৰ প্ৰাৰ্থী ফকিৰ বাবা, পাতিছে  ভোটাৰৰ মেলা, ইয়াকেই কয় বাবা তোমাৰ দৰবাৰে চব পাগলেৰ খেলা এই পাগলৰ নাম মোজাহাৰুল ইছলাম ওৰফে ফকিৰ বাবা।

পিছে জানেনে কোন এইজন মোজাহাৰুল ওৰফে ফকিৰ বাবা ? বাবা তোমাৰ দৰবাৰে চব পাগলেৰ খেলা । এই গৰাকী ফকিৰ বাবাৰ ঘৰ গোৱালপাৰা চহৰৰ ময়লা পথাৰত। এওৰ ভাই ককাই এতিয়া ময়লা পথাৰতেই আছে । কিন্তু এওঁ হঠাতে জলেশ্বৰ সমষ্টিৰ পৰা কিয়  বিধায়ক হবলৈ মন মেলিলে, ইও এক লাখটকীয়া প্ৰশ্ন। আমি পৰবৰ্তী প্ৰতিবেদনত প্ৰকাশ কৰিম ফকীৰ বাবাৰ আৰত লুকাই থকা ৰহস্য। 

বৰ্তমান এই গৰাকী বাবাই জলেশ্বৰ সমষ্টিৰ বিধায়ক পদৰ নিৰ্দ্দলীয় প্ৰাৰ্থী-

যোৱা ২০১৬ ৰ নিৰ্বাচনত গোৱালপাৰা পূৱ সমষ্টিৰ পৰা বিধায়ক পদৰ নিৰ্দ্দলীয় প্ৰাৰ্থী হৈ অতি নগন্য ভোট পাবলৈ সক্ষম হৈছিল।এইবাৰ এই গৰাকী  ফকিৰ বাবাই জলেশ্বৰ সমষ্টিৰ বিধায়কৰ হোৱাৰ স্বপ্নেৰে  কিছু সাধাৰণ লোকক আধ্যাত্মিক ভাবে মোহিত কৰি লৈছে। 

এই ফকীৰ বাবাক একেদিনাই, একে সময়তে বোলে ১০০ ঠাইত ৰাইজে দেখা পাব, এক অলৌকিক কথাৰে সামাজিক মাধ্যমত চৰ্চিত। কি জ্বালা, বাবা তোমাৰ দৰবাৰে চব পাগলেৰ খেলা ।

জানিব পৰামতে দিনৰ দিনটো ই ৰিক্সাৰে ঘুৰি ফুৰি ৰাইজৰ ওচৰত দোৱা বিচাৰে। 

পিছে এওৰ নিৰ্বাচনী প্ৰচাৰৰ প্ৰতিশ্ৰুতিৰ তালিকা দেখিলে আপোনাৰো চকু কপালত উঠিব। কি নাই উক্ত তালিকাত!

আমি পৰবৰ্তী প্ৰতিবেদনত বিস্তাৰিত প্ৰকাশ কৰিম কোন এই ফকিৰ বাবা? 

এওঁৰ শিক্ষাগত অৰ্হতা কিমান ?

 কি পৰিস্থিতিত ঘৰ এৰি গৈ পালে জলেশ্বৰ ? 

 ক'ত কি কি ব্যৱসায় কৰি ৰোষত পৰিল স্থানীয় জনতাৰ ?

Post a Comment

0 Comments