শালকোচা সোনামুখী ওমৰ ইটাবাতা উদ্যোগৰ মানসিক বিকাৰগ্ৰস্ত‌ যুৱ শ্ৰমিক এজন নিৰুদ্দেশ

শালকোচা সোনামুখী ওমৰ ইটাবাতা উদ্যোগৰ মানসিক বিকাৰগ্ৰস্ত‌ যুৱ শ্ৰমিক এজন নিৰুদ্দেশ



ফৰিজ উদ্দিন আহমেদ, বিলাসীপাৰা - ধুবুৰী জিলাৰ শালকোচা উপ- আৰক্ষী চকীৰ অন্তৰ্গত ওমৰ ইটাবাতা উদ্যোগত কাম কৰা মানসিক বিকাৰগ্ৰস্ত শ্ৰমিক যুৱ শ্ৰমিক এজন নিৰুদ্দেশ হয়। জানিব পৰা মতে যোৱা ৮ মাৰ্চ ২০২১ইং তাৰিখে সন্ধিয়া আনুমানিক ৮( আঠ) বজাত ওমৰ ইটাবাতা উদ্যোগত কাম কৰা ছপিয়াৰ ৰহমান (২২) নামৰ মানসিক বিকাৰগ্ৰস্ত যুৱ শ্ৰমিক জনে বিলাসী পাৰা পুৱ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশিত অমৃত বাদশাৰ টিকটৰ দাবীত কংগ্ৰেছৰ কৰ্মী সমৰ্থকৰ লগতে ইটাবাতা বহু শ্ৰমিকৰ সৈতে ৰিজাৰ্ভ বাছ গাড়ীৰে গুৱাহাটী ৰাজীৱ ভৱনত গৈ আছিল যদিও গোৱালপাৰা পাৰা পাইগান চাহ দোকানত চাহ পান কৰাৰ পৰা নিৰুদ্দেশ হৈ যায়। পাইগানত বহু দূৰ দূৰনি পৰা অহা বহুতো গাড়ী আহিছিল। 

যুৱক জন মানসিক বিকাৰগ্ৰস্ত বা হিতাহীক জ্ঞান নথকাত যুৱ শ্ৰমিক জনে কোন গাড়ীত কোন ফালে গৈছে সুং শুত্ৰ পোৱা নাই বুলি ইতাবাতা ঠিকাদাৰ আয়নাল হকে জানিবলৈ। নিৰুদ্দেশ যুৱ শ্ৰমিক জনক শালকোচা, গুৱাহাটী বা আত্মীয় স্বজনৰ ঘৰত খোজ বিচাৰি পৰিয়ালৰ লোকে একো সুং শুত্ৰ উলিয়াব পৰা নাই।এই সন্দৰ্ভত পৰিয়ালৰ লোকে শালকোচা থানাত এখন গোচৰ তৰে। গোচৰ ভিত্তিক শালকোচা থানা আৰক্ষী প্ৰশাসনে তদন্ত চলাই আছে যদিও কোনো সুং শুত্ৰ উলিয়াব পৰা নাই। যুৱ শ্ৰমিক জনৰ নাম ছপিয়াৰ ৰহমান,পিতাৰ নাম ছকমান আলী, গাঁৱ নায়েৰ আলগা তৃতীয় খণ্ড, বয়স ২২ বছৰ, উচ্চতা ৫ ফুট, গাৰ গঠন মধ্যম, গাৰ ৰং বগা, মুখমণ্ডল কণীৰ দৰে।

কোনো ব্যক্তিয়ে যদি যুৱ শ্ৰমিক জনৰ অনু সন্ধান পায় তেনে হলে এই সদাসয় ফোন 7830315969 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।

Post a Comment

0 Comments