৩৯ নং জলেশ্বৰ বিধান সভা সমষ্টিৰ ৰাখাল কিল্লা হাইস্কুল খেল পথাৰত বিজেপি দলৰ নিৰ্বাচনী প্ৰচাৰ

৩৯ নং জলেশ্বৰ বিধান সভা সমষ্টিৰ ৰাখাল কিল্লা হাইস্কুল খেল পথাৰত বিজেপি দলৰ নিৰ্বাচনী প্ৰচাৰ।


জলেশ্বৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ওছমান গনিৰহৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল উত্তৰ পুৰ্বাঞ্চলৰ ক্ষেত্ৰীয় উন্নয়ন মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিং । 

প্ৰতিকুল বতৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে সভাত উপস্থিত হব নোৱাৰিলেও গোৱালপাৰা জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি আবু বক্কৰ ছিদ্দিকে উক্ত সভাত ৰাইজৰ উদ্দেশ্যি ভাষণ প্ৰদান কৰে। ভাষণত আবু বক্কৰ ছিদ্দিকে কয় যে কংগ্ৰেছৰ দিনতকৈ বিজেপি চৰকাৰৰ সময়ত অসমৰ সংখ্যালঘু লোকে বহু সুবিধা লাভ কৰিছে।

অতি ভিতৰুৱা গাওঁ অঞ্চলতো দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰী আৰু ৰাইজক চৰকাৰী আচনিৰ জড়িয়তে উপকৃত কৰিছে।

একেদৰে উক্ত সভাত আখতাৰ জোদ্দাৰ উপস্থিত থাকি জলেশ্বৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ওছমান গনিক ভোট দিবলৈ আহ্বান জনায়। আখতাৰ জোদ্দাৰে ভাষণ প্ৰসংগত কংগ্ৰেছ দলক চোকা সমালোচনা কৰে। কংগ্ৰেছ দলে সংখ্যালঘু সম্প্ৰদায়ৰ লোকক সদায় প্ৰতাৰণা কৰি আহিছিল আৰু বি জে পি চৰকাৰে সংখ্যালঘু লোকক ৰক্ষণাবেক্ষণহে দি আছে।

বিজেপি দলৰ দোহাই দি একাংশ ধৰ্মীয় উন্মাদনা ব্যক্তিয়ে কেতিয়াবা কেতিয়াবা অসাংবিধানিক কথা কলেও সেয়া বিজেপি দলৰ কথা নহয় বুলি কয় জোদ্দাৰে।

Post a Comment

0 Comments