আমবাৰীৰ বিজ্ঞান একাডেমীত কৃতি ছাত্ৰী লৈ চৰকাৰী স্কুটি প্ৰদান:

আমবাৰীৰ বিজ্ঞান একাডেমীত কৃতি ছাত্ৰী লৈ চৰকাৰী স্কুটি প্ৰদান:

মতিউৰ ৰহমান, লক্ষীপুৰ ২৭ মাৰ্চ : গোৱালপাৰা জিলাৰ বগুৱান আমবাৰীৰ বিজ্ঞান একাডেমীত আজি আনুষ্ঠানিক ভাৱে চৰকাৰী স্কুটি প্ৰদান কৰে বিদ্যালয় কৰ্তৃপক্ষই। জনা মতে আমবাৰী বিজ্ঞান একাডেমীত খনৰ পৰা এই বেলি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান পাই উত্তীৰ্ণ হোৱা সাত গৰাকী ছাত্ৰীক চৰকাৰে স্কুটি প্ৰদানৰ ব্যাৱস্থা কৰে। স্কুটি প্ৰদান উপলক্ষে একাডেমি খনত আজি ভাৰপ্ৰাপ্ত অধ্যক্ষ আলাউদ্দিন মোল্লাৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয়। সভাত ছাত্ৰীৰ শিক্ষা ব্যৱস্থা, মহিলাৰ উচ্চ শিক্ষাৰ ব্যাৱস্থা, সমাজ ব্যাৱস্থা, আমবাৰী বিজ্ঞান একাডেমীৰ শৈক্ষিক পৰিৱেশ আদি বিষয়ত বক্তব্য আগবঢ়ায় অৱসৰপ্ৰাপ্ত শিক্ষক আবু তালেব, ৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যাপিকা ডালিমন নেছা, শিক্ষক মুস্তাফিজুৰ ৰহমান, অধ্যক্ষ আলাউদ্দিন মোল্লা প্ৰমূখ্যে শিক্ষাবিদ সকলে।সভাৰ অন্তত বিজ্ঞান একাডেমীত সুখ্যাতিৰে উত্তীৰ্ণ সাত গৰাকী ছাত্ৰীক চাবি প্ৰদানেৰে ৰাজহুৱা ভাবে স্কুটি প্ৰদান কৰে বিজ্ঞান একাডেমী অধ্যক্ষ আলাউদ্দিন মোল্লা। স্কুটি প্ৰদান কৰি অধ্যক্ষ মোল্লাই কৃতি ছাত্ৰী সকলৰ অভিভাৱকক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰে।

Post a Comment

0 Comments