নগৰবেৰাৰ টুপামাৰীত অসম গন পৰিষদৰ নিৰ্বাচনী কাৰ্যলয় মুকলি

নগৰবেৰাৰ টুপামাৰীত অসম গন পৰিষদৰ নিৰ্বাচনী কাৰ্যলয় মুকলি

তৃতীয় পৰ্যায়ত অনুষ্ঠিত হবলগীয়া বিধান সভা নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ ৰণকৌশল তৈয়াৰ কৰি  প্ৰচাৰাভিযানত নামিপৰিছে। এই ক্ষেত্ৰত পিছ পৰি থকা নাই ৪৮ নং বকো বিধান সভা সমষ্টিৰ অসম গণ পৰিষদ দলৰ সমৰ্থিত মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্রসাদ দাস।

অগপ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসেও সমষ্টিটোৰ চোকে কোনে, হাটে বজাৰে, পদুলিয়ে পদুলিয়ে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। সমষ্টিটোৰ দুবাৰ বিধায়ক তথা অগপ দলৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসে বৃহত্তৰ সোনতলী, মাহতলী, পানীখাইতি, কিসমত কাঠমী, ৰাঙ্গাপানী, টুপামাৰী আদি অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায়।ৰবিবাৰে সন্ধিয়া টুপামাৰী বজাৰত অগপ বিজেপিৰ মিত্ৰজোঁটৰ এখন নিৰ্বাচনী প্ৰচাৰ কাৰ্যলয় মুকলি কৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্রসাদ দাসে। 

Post a Comment

0 Comments