এ আই ইউ ডি এফ আৰু কংগ্ৰেছ মহাজোটত পদত্যাগৰ জোৱাৰ-
বিলাসীপাৰা পশ্চিম সমষ্টিত এ আই ইউ ডি এফ আৰু কংগ্ৰেছ মহাজোটত পদত্যাগৰ জোৱাৰ।
প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাৰ বাসগৃহত ৰাইজৰ দলৰ কৰ্মী সভা-
সমাগত অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কেন্দ্ৰ কৰি বিলাসী পাৰা পশ্চিম সমষ্টিৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাৰ বাসগৃহত আজি ৰাইজৰ দলৰ এক কৰ্মী সভা অনুষ্ঠিত হয়। কৰ্মী সভা খনত সভাপতিত্ব কৰে ৰাইজৰ দলৰ বিলাসী পাৰা পশ্চিম সমষ্টিৰ সভাপতি আবুশামা সেখে।
উক্ত কৰ্মী সভাত কংগ্ৰেছ এ আই ইউ ডি এফৰ পৰা প্ৰায় শতাধিক সমৰ্থকে দল ত্যাগ কৰি ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাৰ নেতৃত্বত ৰাইজৰ দলত যোগদান কৰে। এইবাৰ নিৰ্বাচনত আলী আকবৰ মিঞাৰ দৰে গৰীবৰ বন্ধু তথা প্ৰভাৱ শালী নেতাৰ বিশেষ প্ৰয়োজন হৈ পৰিছে বুলি বিভিন্ন বক্তায় ভাষন প্ৰসংগত জানিবলৈ দিয়ে।
লগতে কৰ্মী সভাৰ জৰিয়তে আগন্তুক বিধানসভা নিৰ্বাচন উপলক্ষে ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাক জিকাই অনাৰ বাবে নিৰ্বাচনী ৰনা কৌশল প্ৰস্তুতকৰণ কৰে।
মনকৰিবলগীয়া কথা যে এইবাৰ সমষ্টি খনত ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে প্ৰাক্তন বিধায়ক মিঞা বিজয়ী হোৱাটো নিশ্চিত হৈ পৰিছে। কিয়নো বৰ্তমানৰ এ আই ইউ ডি এফৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছেমীৰ বিৰুদ্ধে ভোটাৰ ৰাইজৰ মুখত বছিৰ হটাও সমষ্টি বচাও এক শ্লোগান উঠিছে।


0 Comments