বিলাসীপাৰা আই, এন, এ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন-বলিষ্ঠ বিধায়ক অশোক সিংহী দেৱে-

বিলাসীপাৰা আই, এন, এ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন-বলিষ্ঠ বিধায়ক অশোক সিংহী দেৱে-

ফৰিজ উদ্দিন আহমেদৰ বিলাসীপাৰা-

নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা আই,এন, এ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। ধুবুৰী জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানী, ধুবুৰী জিলা বিদ্যালয় পৰিদৰ্শক সাজু যাদৱ, বিলাসী পাৰা মহকুমাধিপতি মৃদুল যাদৱ, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বহুতো গন্য মান্য ব্যক্তিৰ সহযোগত আজি আনুষ্ঠানিক ভাৱে বিলাসীপাৰা পুৱ সমষ্টিৰ বলিষ্ঠ বিধায়ক অশোক কুমাৰ সিংহী দেৱে ২০১৯- ২০ বিত্তীয় বৰ্ষৰ আছুতীয়া পুজি আঁচনিৰ ৫০(পঞ্চাশ)লাখ টকাৰ ব্যয় সাপেক্ষে আই, এন, একাডেমী বিদ্যালয়ৰ ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন উপলক্ষে সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক অশোক কুমাৰ সিংহী দেৱে ভাষন প্ৰসংগত কয় যে আই,এন, একাডেমী বিদ্যালয়ৰ ৫০ লাখ টকাৰ ব্যয় সাপেক্ষে ভৱন নিৰ্মাণ  আধাৰশিলা স্থাপনৰ লগতে আগন্তুক দিনত বিদ্যালয়ত অসমীয়া, বাংলা আৰু ইংৰাজ মাধ্যমত শিক্ষা ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সভায় উপস্থিত থকা ৰাইজক অৱগত কৰে। বিধায়ক গৰাকীয়ে লগতে আৰু কয় যে কিছু দিনৰ মধ্যে বিলাসী পাৰাত ষ্টেডিয়াম নিৰ্মাণ কাম আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে। বিশিষ্ট অতিথি হিচাপে ধুবুৰী জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানী, মহকুমাধিপতি মৃদুল যাদৱ আদি কৰি বিভিন্ন বক্তায় উপস্থিত থাকি ভাষন আগবঢ়ায়। আধাৰশিলা স্থাপন সম্পৰ্কীয় সভাৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত সভাত বিধায়ক গৰাকীৰ অন্যতম কৰ্মী তথা বিলাসী পাৰা টাউন কমিটিৰ প্ৰাক্তন চেয়াৰমেন দীপেশ দাসৰ লগতে বিভিন্ন পৰ্যায়ৰ দলীয় কৰ্মী আৰু শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীৰ উপৰিও বহুতো গন্য মান্য ব্যক্তি সকলে উপস্থিত থাকে।

Post a Comment

0 Comments