লক্ষীপুৰত বিশ্ব ব্ৰেইলি দিৱস : দৃষ্টি হীন শিশুৰ মাজত খেল-ধেমালি গীত মাত: ছাত্ৰ ছাত্ৰী-অভিভাৱকৰ মাজত সজাগতা সভা: দৃষ্টি হীন লৈ বিনামূলীয়া চশমা বিতৰণ-
মতিউৰ ৰহমান, লক্ষীপুৰ-
৫ জানুৱাৰী: গোৱালপাৰা জিলাৰ লক্ষীপুৰ ফেটেংগাপাৰা হাই স্কুল প্ৰাঙ্গনত কালি দিনযোৰা কাৰ্যসূচীৰে দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ মাজত উদযাপন কৰা হয় বিশ্ব ব্ৰেইলি দিৱস । অন্ধ লৰা ছোৱালীৰ শিক্ষাৰ বিশেষ পদ্ধতি উদ্ভাৱক ফ্ৰান্সৰ লুই ব্ৰেইলিৰ জন্ম দিৱস উপলক্ষে লক্ষীপুৰ খন্ড প্ৰাথমিক শিক্ষা বিষয়াৰ অধীনত আৰু গোৱালপাৰা জিলা সৰ্বশিক্ষা অভিযানৰ সৌজন্যত বিশ্ব ব্ৰেইলি দিৱস উদযাপন কৰা হয়। ব্ৰেইলি দিৱস উপলক্ষে পূৱা পতাকা উত্তোলন কৰে খন্ড প্ৰাথমিক শিক্ষা বিষয়া দেৱানন্দ বড়োয়ে। লক্ষীপুৰ শিক্ষা খন্ড ভিত্তিত অনুষ্ঠিত ব্ৰেইলি দিৱস উপলক্ষে বিভিন্ন অঞ্চলৰ পৰা শতাধিক দৃষ্টি হীন ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক অংশ গ্ৰহন কৰে। বিশেষ ভাবে সক্ষম শিশুৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালি, গীত নৃত্য, কবিতা আবৃত্তি, স্মৃতি পৰীক্ষা আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। সভাৰ পূৰ্বে ক্ষীণ দৃষ্টি ছাত্ৰ ছাত্ৰীৰ চকু পৰীক্ষা কৰি লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডঃ ৰবি নাথ ৰাভা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ লক্ষীপুৰ খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমন্বয়ক মিজানুৰ ৰহমানে ২৫ গৰাকী দুখীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া চশমা বিতৰণ কৰে।
0 Comments