ইষ্ট নাওৰ সাংবাদিক সকলে আমাৰ চুনাৰী অঞ্চললৈ আহি আমাৰ দুৰৱস্থাৰ বুজ লোৱা বাবে ধন্যবাদ জ্ঞাপন কৰিছো-
নিৰ্বাচনী ব্যস্ততাৰ মাজতো অকণমান সময় উলিয়াই নৰ্থ ইষ্ট নাওৰ সাংবাদিক সকলে আমাৰ চুনাৰী অঞ্চললৈ আহি আমাৰ দুৰৱস্থাৰ বুজ লোৱা বাবে ধন্যবাদ জ্ঞাপন কৰিলো। এই ঠাইখিনি হল গোৱালপাৰা জিলাৰ পশ্চিম সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক চুনাৰী গান্ধী ময়দান। এয়া যে গান্ধী ময়দান সেয়া মাত্ৰ মানুহৰ মূখে মূখে প্ৰচলিতহে। বাস্তৱত ইয়াৰ কোনো চিনচাব নাই। বেদখলকাৰীৰ কবলত পৰি অবশেষত এই ইতিহাস প্ৰসিদ্ধ ঠাইত লেট্ৰিন স্থাপন কৰিবলৈও কুন্ঠাবোধ নকৰিলে একাংশ সুবিধাবাদী লোকে। দেশবাসীৰ ওচৰত লজ্জানত আমি।
স্বাধীনোত্তৰ কালত মহাত্মা গান্ধী স্বয়ং এই ঠাইত আহি স্বাধীন ভাৰতৰ আৱাজ দিছিল আৰু তেতিয়াৰ পৰাই এই ঠাইখনি গান্ধী ময়দান বুলি পৰিচিত হৈ আহিছে। ব্ৰম্মপুত্ৰ নদীৰ স্ৰোতত, বান গৰাখহনীয়াত পৰি এই ঠাইডোখৰৰ অস্তিত্ব বিপন্ন হোৱাৰ পথত। কাণসাৰ নাই জনপ্ৰতিনিধি তথা চৰকাৰৰ। প্ৰতি বছৰেই এই ঠাই খিনিত ২৬ জানুৱাৰীত গণৰাজ্য দিৱস আৰু ১৫ আগষ্টত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈ আহিছে বহু শৈক্ষিক অনুষ্ঠান। এটা সময়ত এই ঐতিহাসিক ঠাইখনত ৰাজ্যিক আৰু জিলা পৰ্য্যায়ত বহু প্ৰতিযোগিতা মূলক খেল ধেমালি পাতি একতাৰ নিদৰ্শন দাঙি ধৰিছিল বৃহত্তৰ অঞ্চলবাসীয়ে। কিন্তু আজিও এলাগী হৈ থাকিল এই ঠাই, সংৰক্ষণৰ সদিচ্ছা নাই চৰকাৰ প্ৰশাসনৰ, দায়িত্ব নাই জনপ্ৰতিনিধিৰ আৰু আগ্ৰহ নাই স্থানীয় জনতাৰ।
স্বাধীনতাৰ পাছত বহু চৰকাৰ আহিল আৰু গ'ল, গোৱালপাৰা পশ্চিম সমষ্টিত বহু জনপ্ৰতিনিধি নিৰ্বাচিত হল কিন্তু সমস্যাৰহে সমাধান নহল। সকলোৰে প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিনত হল। এই ঐতিহাসিক ঠাইখন বেদখল মুক্ত কৰি সংৰক্ষণৰ কোনো ব্যৱস্থাই কৰা নহল। ঠাইখনৰ কথা মনত কৰি বহু নেতাই আকৌ ঘৰিয়াল চকুপানীও টোকে। আমি চুনাৰী বাসীয়ে দাবী জনাইছো এই নিৰ্বাচনত যি চৰকাৰেই নাহক কিয় আৰু যি প্ৰতিনিধিয়েই নিৰ্বাচিত নকৰক কিয়, চুনাৰীস্থিত এই গান্ধী ময়দান সংৰক্ষিত কৰি ভবিষ্যত প্ৰজন্মৰ বাবে যাতে এটা স্মৃতি বিজড়িত ঠাই হিচাপে এৰি থৈ যাব পৰা যায় তাৰ ব্যৱস্থা কৰিব লাগে।
আমি পৰবৰ্তী প্ৰতিবেদনত বিস্তাৰিত ভাৱে প্ৰকাশ কৰিম বান গৰাখহনীয়াৰ ফলত কিদৰে সৃষ্টি হয় বাংলাদেশীৰ। কৰ পৰা কৰা কেনেকৈ বাংলাদেশী অপবাদ আহে আৰু ইয়াৰ উৎস কি?
খবৰৰ ভিৰত হেৰাই যোৱা খবৰ পাবলৈ চাই থাকক আৰ পি নিউজ টিভিৰ অনন্য প্ৰতিবেদন।
0 Comments