নীলাঞ্জনা নদীৰ জোনাক...(43নং খণ্ড )
✒মঞ্জু পাৰবিন
বহুত দেৰিলৈকে শুই থাকিল ঋতুৰাজ | ৰামুকাই চাহ লৈ গ'ল তাৰ কাৰনে ,পুৱাৰ চাহকাপ যেনেদৰে নীলাই থৈ আহিছিল তেনেদৰেই আছে | ৰামুকাই মতাত ঋতুৰাজে উঠি চাহকাপ খালে | পুৱাই বাৰৰ ল'ৰাজনে বাইকখন দি গৈছিল ,ঋতুৰাজে বাইকখনলৈ ওলাই গ'ল | সি এনেই অনাই -বনাই ঘুৰিলে ক'তো তাৰ মন নবহিল | দামী বিয়েৰৰ বটল দুটামান লৈ দুপৰীয়া সি ঘৰলৈ উভতি আহিল | সি ঘৰলৈ অহাত নীলাই ৰামুকাক ক'লে তাক ভাত এমুঠি খুৱাবলৈ | নীলাই ইতস্ততা অনুভৱ কৰি আছে তাৰ কাষলৈ যাবলৈ | ঋতুৰাজে কাকো একো ক'বও পৰা নাই সহ্যও কৰিব পৰা নাই কথাবোৰ | সি ৰুমতে সোমাই ড্ৰিংকচ কৰিব ধৰিলে | পাহৰি থাকিব খোজে সি হৃদয়ৰ সমস্ত যন্ত্ৰণা |
আবেলি টিনা আহিল ফুৰিবলৈ | ঠিক ফুৰিবলৈতো নহয় " লোহা গৰম হে মাৰ দো হাথোৰা " ৰ দৰে কথা | তাই আহিছে ঋতুৰাজৰ মনৰ কি প্ৰতিক্ৰিয়া তাক চাবলৈ | তাই আহি ঋতুৰাজৰ মাকৰ লগত দেখা কৰি নীলাৰ ওচৰলৈ গ'ল | তাইৰ আগত স্বাভাৱিক হ'বলৈ যত্ন কৰিলে নীলাই | সাধাৰন দুই এটা কথাপাতি টিনা ঋতুৰাজৰ কথা সোধাত নীলাই তাইক তাৰ ওচৰলৈ লৈ গ'ল | ঋতুৰাজৰ ইতিমধ্যে ভালদৰেই নিচা লাগিছিল | টিনাই তাক এনে অৱস্থাত দেখি কৃত্ৰিম দুখ প্ৰকাশ কৰি সুধিলে ,
ঃ অ'ই কি হৈছে তোমাৰ ,এনেকৈ ড্ৰিংকচ কৰিছা যে | ইচ, কি অৱস্থা হৈছে চোৱাচোন |
ঃ অহ! টিনা আহিছা | আহা,বহা | কিনো ক'ম অ', মোৰ জীৱনটোো নৰক হৈ পৰিছে |,একেবাৰে ধ্বংসস্তুপত পৰিনত হৈছে | "
দোৰোল খোৱা জিভাৰে সি কোনোমতে ক'লে |
ঃ নাপায় নহয় এনেকৈ ক'ব , চব ঠিকহৈ যাব | কি হৈছে ভাঙি কোৱাচোন | "
নীলাৰ কানমূৰ গৰম হৈ উঠিল কি বা টিনাক এতিয়া সি |
ঃ আহা মোৰ কাষত বহা , চব ক'ম আজি তোমাক | "
নীলাৰ সন্মুখতে টিনাই ঋতুৰাজৰ ওচৰত বহি তাৰ চুলিত আঙুলি বুলাই দিব ধৰিলে |
ঋতুৰাজে মদৰ নিচাত হুকহুকাই কান্দি দিলে | নীলাৰ চকুৰেও হৰহৰাই চকুলো ওলাল | তাৰ এই ৰূপ অসহ্য লাগিল তাইৰ , ইপিনে অনাহাৰ ,অনিদ্ৰাত তাইৰ গা একেবাৰে দূৰ্বল হৈ পৰিছে | নীলাই কি ক'ব একো ভাৱি নাপালে | ঋতুৰাজে নীলাৰ উচুপনিৰ শব্দ শুনি তাইৰ ফালে চাই তাত দেখি ক'লে ,
ঃ তুমি ইয়াৰ পৰা যোৱা | একদম মোৰ ওচৰলৈ নাহিবা তুমি, তোমাৰ মুখ আৰু মই চাব নিবিচাৰো | " মদৰ নিচাত সি যা তা বকি থাকিল |
তাৰ কথা শুনি নীলাৰ মূৰটো আচন্দ্ৰাই কৰিলে | তাইৰ গা অৱশ লাগিব ধৰিলে আৰু তাই অজ্ঞান হৈ তাতে ঢলি পৰিল | টিনাই ৰামুকাক চিঞৰি মাতিলে | নীলাৰ চকুৱে মুখে পানী মৰাতো তাইৰ হুচ নাহিল | ৰামুকাৰ হুলস্থুলত ঋতুৰাজৰ মাক আহিল আৰু ততাতৈয়াকৈ নীলাক হস্পিতাললৈ লৈ গ'ল |
নীলাৰ দাদা-বৌক ফোন কৰাত সিহঁত উধাতু খাই হস্পিতাললৈ গ'ল | বহুত সময় পিচত নীলা সজ্ঞান অৱস্থালৈ উভতি আহিল | কিন্তু দাদা -বৌক দেখাৰ লগে লগে তাইৰ ডিঙিত কান্দোনে সোপা মাৰি ধৰিলে ,তাই উচুপি উঠিল বৌক সাৱটি ধৰি |
ঃ কি হৈছে নীলা , নিশ্চয় মনত বহুত কষ্ট পাই আছ' তই | ঋতুৰাজৰ লগত কিবা কথা লাগিল নেকি | "
নীলাই একো ক'ব নোৱাৰিলে , মাথোঁ অনুৰাগক বুকুত সাৱটি ধৰি কান্দি থাকিল |
তাইৰ গা একেবাৰে দূৰ্বল কাৰনে লগে লগে ডাক্টৰে যাব নিদিলে | ডাক্টৰে ক'লে "তাইৰ গৰ্ভত সন্তান আছে ,গা অতি দূৰ্বল এনে অৱস্থাত জিৰণি আৰু যতনৰ প্ৰয়োজন | অত্যাধিক মানসিক চাপে তাইক বেচি দূৰ্বল কৰি তুলিছে , এয়া মাক আৰু সন্তানৰ কাৰনে বিপদজনক | "
ব্যস্ত হৈ পৰিল তাইৰ দাদা-বৌ | এনে কি হ'ল যে তাই একেবাৰে ভাঙি পৰিছে | নিশ্চয় কিবা এটা হৈছে তাইৰ ,সিহঁতে আশ্বাস দিলে তাইক ,
ঃ আমি আছো নহয়, চব ঠিক হৈ যাব | কিয় ইমান ভাঙি পৰিছ তই |
নীলা গৰ্ভৱতী হোৱাৰ কথা শুনি ঋতুৰাজৰ মাক সুখী হ'ল |
ঃ বোৱাৰী , তুমি চিন্তা নকৰিবা আমি সকলো আছো নহয় | সোনকালে সুস্থ হৈ উঠিবা তুমি |
সন্ধিয়া নীলাৰ দাদা-বৌয়ে ঋতুৰাজৰ মাক আৰু ৰামুকাক ঘৰলৈ পঠিয়াই দিলে , নীলাক দুদিনমান সিহঁতৰ লগত ৰাখিব বুলি ক'লে | ৰামুকাই মনে মনে ভালেই পালে দুদিনমান দাদা-বৌৰ ওচৰত থাকক তাই |
অলপ সুস্থ হৈ উঠাত নীলাক বৌয়েকে সিহঁতৰ ঘৰলৈ লৈ গ'ল |
(আগলৈ)

0 Comments